ভয় লাগে আজিকালি
অকলে জোনাকৰ সন্মুখীন হবলৈ
অকলশৰে বহি কথা পাতিবলৈ
কিমান আৰু মিছা কথা ক'ম
ধৰা পৰি যাওঁ যদি?
তোমাক ল'গ নোপোৱাটো বহুদিনেই হ'ল
তথাপিওঁ জোনাকে তোমাৰ খবৰ সোধে
অপৰাজিতা জনী যে তাৰ বৰ মৰমৰ
বৰ আদৰৰ....
মনে নিবিছাৰিলেও মিছা মাতো
কেনেকৈনো কওঁ তোমাৰ খবৰ নজানো বুলি
কেনেকৈ কওঁ তুমি আতৰি যোৱা বুলি
এটাই মাথো চিনাকি আজি মোৰ
মিছলীয়া....এটা মস্ত ডাঙৰ মিছলীয়া।
No comments:
Post a Comment